দিল্লীঃ শ্বহীদৰ কন্যাক কূখ্যাত ডনৰ সৈতে তুলনা কৰি আশ্চৰ্যৰ কেন্দ্ৰ হৈ পৰিছে দেশখনৰ শাসকীয় দলৰ এগৰাকী সাংসদ। এবিভিপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা গুৰমেহৰ কৌৰ নামৰ ছাত্ৰীগৰাকীক গেৰুৱা দলৰ সাংসদ প্ৰতাপ সিংহই ডন ডাউড ইব্ৰাহীমৰ সৈতে তুলনা কৰে ।
এনেদৰেই গুৰমেহৰ কৌৰ নামৰ গৱেষক ছাত্ৰীগৰাকী সম্প্ৰতি কেন্দ্ৰবিন্দু হৈ পৰিছে ছ’চিয়েল মিডিয়া বিতৰ্কৰ। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামযশ কলেজত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বিজেপিৰ ছাত্ৰ সংগঠনৰ সদস্য জড়িত হৈ থকা হিংসাত্মক ঘটনাৰ প্ৰতিবাদ কৰি ছ’চিয়েল মিডিয়াত ছাত্ৰ সংগঠনকেইটাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা গুৰমেহৰক ছ’চিয়েল মিডিয়াতে ধৰ্ষণৰ ভাবুকি দিছিল ৰাহুল নামৰ যুৱক এজনে। সেই কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন পক্ষ সক্ৰিয় হৈ উঠে।