গুৱাহাটীঃ গুটখা, পাণ-মচলা এবছৰৰ বাবে নিষিদ্ধ কৰাৰ চৰকাৰী নিৰ্দেশনাটো আপোনাৰ মনত আছে নে? চৰকাৰ সংশ্লিষ্ট বিভাগেই সম্ভৱতঃ পাহৰিলে এই বিষয়ে। নিৰ্দেশনা ওলোৱাৰ তিনিমাহ পিছতো নিৰ্দেশনা কাৰ্যকৰীকৰণৰ নহ’ল কোনো ব্যৱস্থা। বিভাগৰ হেমাহিয়ে পুনৰবাৰ প্ৰতিপন্ন কৰিলে চৰকাৰী তৎপৰতাৰ আন্তঃসাৰশূন্যতা। জনস্বাস্থ্য প্ৰতি অসম চৰকাৰ কিমান দায়বদ্ধ?
ধোঁৱাবিহীন ধপাতযুক্ত সামগ্ৰীসমূহে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিছে৷ সেয়ে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই ধপাতজাতীয় সামগ্ৰীসমূহৰ ওপৰত নিষেধাজ্ঞাও জাৰি কৰা হয়৷ সময়ে সময়ে চৰকাৰৰ লগতে বে-চৰকাৰী সংস্থাসমূহেও ধপাতজাতীয় সামগ্ৰীসমূহৰ অপকাৰিতাৰ ওপৰত ভিত্তি কৰি সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। কিন্তু ধপাতজাতীয় সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধনাত্মক ফলাফল লাভ কৰাতো এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই৷