Printer-friendly version

গুৱাহাটীঃ আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ সন্দৰ্ভত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল অনুষ্ঠিত কৰা হয়৷ অসম পৰ্যটন নিগমৰ ভৱনত অনুষ্ঠিত সংবাদ মেলত অধ্যক্ষ বৰুৱাই কয় যে ২২ জুনৰপৰা ২৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এইবাৰ অম্বুবাচী মেলাৰ আয়োজন কৰা হ’ব ২১ জুনত।  

মহানগৰীৰ সোনাৰাম খেলপথাৰত বিয়লি ৪ বজাত উদ্ধোধন কৰিব ভাৰতৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম৷ উদ্ধোধনী অনুষ্ঠানত সন্ধিয়ালৈ আয়োজন হ’ব সাংস্কৃতিক সন্ধিয়া৷ সাংস্কৃতিক অনুষ্ঠানত দেৱী বন্দনা পৰিৱেশন কৰিব বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে৷ উল্লেখ্য যে, অসমৰ ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰখন অধিক উৎসাহিত কৰাৰ বাবে আয়োজন কৰা এই অম্বুবাচী মেলাৰ বাবে ২২ জুনৰপৰা ২৫ জুনলৈকে বন্ধ থাকিব কামাখ্যাৰ মূল দুৱাৰ৷ 

যোৱা বৰ্ষৰ দৰে এইবাৰো সোনাৰাম খেলপথাৰত ২২ জুনৰপৰা ২৮ জুনলৈকে প্ৰত্যেক দিনে আবেলি ৩ বজাৰপৰা ৰাতি ৮ বজালৈকে সপ্তাহ যোৰা কাৰ্যসূচীৰে দেৱী ভাগৱত পাঠ অনুষ্ঠিত হ’ব৷ ছাদবী অদীতি ভাৰতী আৰু দিব্যজ্যোতি সংস্থা নামৰ এটা অনুষ্ঠানে পাঠ কৰিব দেৱী ভাগৱত।

প্ৰতিবছৰৰ দৰে এইবাৰ ভক্ত সকলৰ কাৰনে পৰ্যটন বিভাগে স্থাপন কৰিব মুঠ চাৰিটাকৈ ভক্তৰ শিবিৰ। পূৰ্বৰ তুলনাত এইবাৰ এটা ভক্ত শিবিৰৰ সংখ্যা কম হ’ব যদিও শিবিৰ সমূহত পুৰ্বতকৈ ২০ শতাংশ বৃদ্ধি হ’ব ভক্ত থাকিব পৰা ক্ষমতা। সেই অনুসৰি ফাঁচী বজাৰৰ জেল ৰোডত নিৰ্মাণ হ’ব ২০ ৰপৰা ২৫ হাজাৰ ভক্ত থাকিব পৰা শিবিৰ এটা বৃহৎ শিবিৰ৷ ইয়াৰ উপৰিও তৰুণ সংঘ, পুৰণি পাণ্ডু ৰে’ল ষ্টেচন আৰু নাহেৰ পাৰাত নিৰ্মাণ কৰা হ’ব ভক্তশিবিৰ। শিবিৰ সমূহত ৩ ৰ পৰা ৮ হাজাৰকৈ ভক্ত থাকিব পাৰিব বুলি আজি সংবাদ মেলত জানিবলৈ দিয়ে।

এইবাৰো লেজাৰ হেড কাউন্টিং ব্যৱস্থা থাকিব৷ যোৱা বৰ্ষৰ লেজাৰ হেড কাউন্টিংৰ হিচাপ অনুসৰি ২০ লাখৰো অধিক ভক্ত অম্বুবাচীলৈ আহিছিল৷ তাৰ তুলনাত এইবাৰ পৰ্যটন বিভাগে ২৫ লাখ ভক্তক আদৰিবলৈ সাজু হোৱা বুলি জানিব দিয়ে। একেদৰে যান-যতৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেৱল দিব্যাংগ, জ্যেষ্ঠ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এইবাৰ বাছৰ ব্যৱস্থা কৰিব পৰিবহন নিগমে। তাৰ বাহিৰে অম্বুবাচী দিন কেইটাত কোনো বাহন নিব নোৱাৰিব কামাখ্যা মন্দিৰলৈ৷ 

পৰ্যটন বিভাগে উল্লেখ কৰা অনুসৰি কামাখ্যা মন্দিৰলৈ যান বাহন চলাচল কৰা এটা পথৰ উপৰিও ভক্ত সকল যোৱাৰ বাবে অন্য তিনিটা পথৰ ব্যৱস্থা কৰিব৷ সেই পথ সমূহৰে সহজে খোজ কাঢ়ি মন্দিৰলৈ ভক্তসকল মন্দিৰলৈ যাব পাৰিব বুলি সংবাদ মেলৰ জৰিয়তে ব্যক্ত কৰে। একেদৰে পৰ্যটন বিভাগে জানিব দিয়া অনুসৰি তিনিওটা পথতে ভক্ত সকলৰ সুবিধাৰ্থে স্থাপন কৰা হ’ব শৌচালয়, খোৱাপানী, জিৰনি গৃহ৷ ইয়াৰ উপৰিও ভক্ত সকলে উঠোতে যাতে কোনো কষ্ট নাপায় তাৰ বাবে ৰেলিংৰ ব্যৱস্থা থাকিব৷ সমগ্ৰ কামাখ্যা পাহাৰত অম্বুবাচীৰ দিন কেইটাত অসম পৰ্যটন বিভাগে ধৰ্মী সংগীত বজাই ৰখাৰ বাবে এইবাৰ ব্যবস্থা কৰা বুলি উল্লেখ কৰে।

ভক্তসকলৰ জোতা-চেণ্ডেল ৰখাৰ বাবে এইবাৰ পৰ্যটন বিভাগে স্থাপন কৰিব বিশেষ নিৰ্দিষ্ট কক্ষ। অম্বুবাচীৰ দিনকেইটাত যাতে কামাখ্যা মন্দিৰৰ পথত কোনো যান-যতৰ সৃষ্টি নহয় তাৰ বাবে ভক্তসকলক খোজ কাঢ়ি মন্দিৰলৈ যোৱাৰ বাবে আহ্বান জনায়। লগতে কয় যে কেৱল জৰুৰীকালীন বাহনৰ বাদে অন্য কোনো বাহন যাব নোৱাৰিব অম্বুবাচী দিন কেইটাত কামাখ্যা মন্দিৰলৈ। আনহাতে ভিআইপি পাছৰ ব্যৱস্থাও নাথাকিব। 

অম্বুবাচী মেলা চাবলৈ অহা দিনকেইটাত ভক্তসকলে যাতে উমানন্দ মন্দিৰলৈ যাবৰ বাবে কোনো অসুবিধা সন্মুখীন নহয় তাৰ বাবে সোনাৰাম খেল পথাৰৰ কাষৰপৰা প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে চলাচল কৰিব ফেৰী সেৱা।


 ইয়াৰ উপৰিও আজি সংবাদ মেলত জানিবলৈ দিয়াৰ মতে পূৰ্বৰ বছৰ সমূহৰ হিচাপ অনুসৰি কোন কোন ৰাজ্যৰপৰা অধিক পৰ্যটক আহিছে তাৰ ওপৰত ভিত্তি কৰি সেই ৰাজ্যসমূহত পৰ্যটন প্ৰচাৰ চলোৱা বুলি তেওঁ জানিবলৈ দিয়ে। দিল্লীৰ আৰু কলিকতাৰ ৰাজপথত অম্বুবাচীৰ প্ৰচাৰ চলোৱা বাবে ইতিমধ্যে অসম পৰ্যটন বিভাগে হৰ্ডিং লগোৱা কাম আৰম্ভ কৰাৰ কথা। এই হৰ্ডিংৰ ব্যৱস্থা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান আৰু দিল্লী, কলকাতা বিমানবন্দৰতো লগোৱা বুলি তেওঁ উল্লেখ কৰে। 

অম্বুবাচী মেলাখন যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে প্ৰতিটো বিভাগে নিজৰ নিজৰ দায়িত্ব সমূহ পালন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। সেই অনুসৰি এইবাৰ অম্বুবাচীৰ মেলাৰ মুঠ বাজেট হৈছে ২ কোটি ৬০ লাখ টকা। তাৰে ১ কোটি ৩৬ লাখ টকা অসম পৰ্যটন বিভাগৰ।

উক্ত সংবাদ মেলত উপস্থিত থাকে অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ মিশ্ৰ, পৰিচালক সঞ্চালক ভাস্কৰ ফুকন।