গুৱাহাটীঃ প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কটনিয়ানসকলে বৃহস্পতিবাৰে ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
ঐতিহাসিক প্ৰসিদ্ধ কটন কলেজক পূৰ্বৰ শিক্ষা মন্ত্ৰীয়ে দুটা বছৰ পৰ্যবেক্ষিত কৰিলে কিন্তু আজি পৰ্যন্ত বিশ্ববিদ্যালয়খনে নাপালে বিশ্ববিদ্যালয়ৰ উপযুক্ত মৰ্যদা। ফলত শিক্ষানুষ্ঠানখনত শৈক্ষিক, আৰ্থিক, উন্নয়ন সকলোতে পিছ পৰিবলগীয়া হৈছে। এই অভিযোগ উত্থাপন কৰি বিশ্ববিদ্যালয়ৰ মৰ্যাদাৰ বাবে মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ৪৮ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে কটন বিশ্ববিদ্যালয়ৰ খালী হৈ থকা ডেৰ শতাধিক শিক্ষকৰ পদ অতি সোনকালে নিযুক্তি প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ শিক্ষকৰ অভাৱ দূৰ কৰিব লাগে বুলি দাবী কৰে। লগতে দাবী কৰে যে কটন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটত যি পুঁজি ঘোষণা কৰিছিল সেই পুঁজি মুকলি কৰি দিব লাগে৷
উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ বহুকেইটা হোষ্টেল মেৰামতি অভাৱত বৰ্তমান সময়ত ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে বুলি জানিব পৰা গৈছে৷