গুৱাহাটীঃ গুৱাহাটীত মংগলবাৰে পুৱাই ফাঁচীবজাৰ আৰু মাছখোৱাত খাদ্য সুৰক্ষা বিভাগৰ অভিযান চলিছে। ফল-মূলৰ বজাৰত চলোৱা এই অভিযানত দলটোৱে জব্দ কৰিছে প্ৰায় ৩৬ কুইন্টল কেলচিয়াম কাৰ্বাইড যুক্ত আম। একাংশ অসাধু ব্যৱসায়ীয়ে কেৱল মাত্ৰ অধিক মুনাফাৰ লাভৰ বাবে স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক কেলচিয়াম কাৰ্বাইড প্ৰয়োগ কৰি ফল-মূল পকাই অহা বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ তাৰ পাছতে বুধবাৰে খাদ্য সুৰক্ষাৰ বিভাগৰ অভিযানত পোহৰলৈ আহিছে কেলচিয়াম কাৰ্বাইড প্ৰয়োগ কৰি একাংশ অসাধু ব্যৱসায়ী আম পকোৱা কাৰ্য।
অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে কাৰ্বাইড প্ৰয়োগ কৰি আম পকোৱা গুদামঘৰৰপৰা শ্বেখ নুৰুল হক আৰু নিৰঞ্জন ৰায় নামৰ বেংগলৰ দুই ব্যৱসায়ীক আটক কৰে। অসাধু ব্যৱসায়ী দুগৰাকীক গ্ৰেপ্তাৰ কৰি ফাঁচীবজাৰ আৰক্ষীৰ চকীত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে খাদ্য সুৰক্ষা বিভাগে। তাৰ পাছত ফাঁচী বজাৰ আৰক্ষীৰ চকীত দুয়োগৰাকীৰ অসাধু ব্যৱসায়িক চমজাই দিয়ে।