কেলচিয়াম কাৰ্বাইড এক নীৰৱ ঘাতক। দৰাচলতে কেলছিয়াম কাৰ্বাইড এবিধ বৰণহীন ৰাসায়নিক পদাৰ্থ৷ এইবিধ পদাৰ্থৰপৰা সেউজীয়া ফল পকোৱাৰ লগতে সাহবোৰ ঢিলা কৰোৱা হয়৷ ফলবিধক পূৰঠ নহওঁতেই বৰণ সলনি কৰি বজাৰত বিক্ৰী কৰিবলৈ কৃত্ৰিম ফল উৎপন্ন কৰা হয়৷

এনে ফল সেৱন কৰিলে মুখৰ ঘাঁ, গেষ্ট্ৰাইটিছ, পাকস্থলীৰ সমস্যা, ডায়েৰীয়া, মুৰৰ বিষ, মুৰ ঘুৰোৱা, মতিভ্ৰম, দৃষ্টিশক্তি হ্ৰাস, বুদ্ধি হ্ৰাস, নানা এলাৰ্জীৰ সমস্যা আৰু চালৰ ৰোগ কৰে। তদুপৰি হৃৎপিণ্ড, বৃক্ক আৰু হাঁওফাঁওৰ সমস্যা সৃষ্টি কৰে।

খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন, ১৯৫৪ অনুসৰি যদিও কেঁচা ফল-মুল পকাবলৈ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিষিদ্ধ তথাপিও কিছুমান দুষ্কৃতিয়ে অধিক মুনাফাৰ লাভত কাম কৰি আহিছে৷

গুৱাহাটীঃ গুৱাহাটীত মংগলবাৰে পুৱাই ফাঁচীবজাৰ আৰু মাছখোৱাত খাদ্য সুৰক্ষা বিভাগৰ অভিযান চলিছে। ফল-মূলৰ বজাৰত চলোৱা এই অভিযানত দলটোৱে জব্দ কৰিছে প্ৰায় ৩৬ কুইন্টল কেলচিয়াম কাৰ্বাইড যুক্ত আম। একাংশ অসাধু ব্যৱসায়ীয়ে কেৱল মাত্ৰ অধিক মুনাফাৰ লাভৰ বাবে স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক কেলচিয়াম কাৰ্বাইড প্ৰয়োগ কৰি ফল-মূল পকাই অহা বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ তাৰ পাছতে বুধবাৰে খাদ্য সুৰক্ষাৰ বিভাগৰ অভিযানত পোহৰলৈ আহিছে কেলচিয়াম কাৰ্বাইড প্ৰয়োগ কৰি একাংশ অসাধু ব্যৱসায়ী আম পকোৱা কাৰ্য।

অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে কাৰ্বাইড প্ৰয়োগ কৰি আম পকোৱা গুদামঘৰৰপৰা শ্বেখ নুৰুল হক আৰু নিৰঞ্জন ৰায় নামৰ বেংগলৰ দুই ব্যৱসায়ীক আটক কৰে। অসাধু ব্যৱসায়ী দুগৰাকীক গ্ৰেপ্তাৰ কৰি ফাঁচীবজাৰ আৰক্ষীৰ চকীত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে খাদ্য সুৰক্ষা বিভাগে। তাৰ পাছত ফাঁচী বজাৰ আৰক্ষীৰ চকীত দুয়োগৰাকীৰ অসাধু ব্যৱসায়িক চমজাই দিয়ে।

মুঠ চাৰি গৰাকী ফল-মূল ব্যৱসায়ী বিপনীত আজি অভিযান চলোৱা হৈছিল। ইফালে, অভিযানকাৰী দলটোৱে অভিযান চলাই উভতি অহাৰ পথত এখন আম ভৰ্তি ট্ৰাকো জব্দ কৰে। ট্ৰাকখনত মুঠ ১৫ কুইণ্টল আম আছিল বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে। সেই হিচাপত আজি অভিযানত মুঠ ৫১ কুইণ্টল দৰৱ প্ৰয়োগ কৰি পকোৱা আম নষ্ট কৰে দলটোৱে।

আনহাতে, খাদ্য সুৰক্ষা আৰু যোগান বিভাগৰ অভিযানত জব্দ হোৱা প্ৰতিটো আমৰ কাৰ্টুনত কেলচিয়াম কাৰ্বাইড পোৱা গৈছিল। পাছত জব্দ কৰাৰ আমখিনি ঘটনাস্থলীতে নষ্ট কৰি পৌৰনিগমৰ বাহনেৰে লৈ যোৱা হয়।