গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতাৰে ঐক্যবদ্ধ হোৱা ৭০ সংগঠনত খহনীয়া আৰম্ভ হ’বলৈ ধৰিছে। নেতৃত্বৰ বিশ্বাসঘাটকতাত ক্ষুণ্ণ হৈ এটাৰ পাছত এটা সংগঠনে সংগ এৰিছে অখিল গগৈক। আজিও ৭০ সংগঠনৰপৰা আনুষ্ঠানিকভাৱে ওলাই আহিছে “জাতীয় সেনা” অংশীদাৰিত্ব জাতীয় সংগঠনটোৱে।
গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি নয়নমনি শালৈয়ে কয় যে ৭০ সংগঠনৰ নাম লৈ অখিল গগৈসহ কেইজনমান নেতৃত্বই ৰাজনৈতিক দলৰ হৈ দালালি কাম কৰিছে। যিটো নেকি জাতীয় সেনাই কেতিয়াও সহ্য কৰিব নোৱাৰে।কাৰণ জাতীয় সংগঠনক নেতৃত্ব দি অখিল গগৈয়ে ৰাইজক কাক ভোট দিব কাক ভোট নিদিব তেওঁৰ কোৱাৰ অধিকাৰ নায়৷ ইয়াৰ উপৰিও বিজেপিক পৰাস্ত কৰিবৰ বাবে কংগ্ৰেছ দলৰ হৈ ৰাজনৈতিক দালালি কৰাটো অখিল গগৈৰ দায়িত্ব হ’ব নোৱাৰে।