গুৱাহাটীঃ বিগত দুটা বছৰৰো অধিক কাল প্ৰাপ্য দৰমহাৰপৰা বঞ্চিত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ ছাত্ৰ-ছাত্ৰী সকল বিশেষকৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সকলক সহায় কৰাৰ বাবে অসম নাগৰিক সমাজে বুধবাৰৰপৰা অৰ্থ সাহায্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে।
অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এই কথা জানিবলৈ দিছে৷ তেওঁ এই সন্দৰ্ভত কয় যে দীৰ্ঘদিন ধৰি দৰমহাৰপৰা বঞ্চিত কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী ২০১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু কৰ্মচাৰী পিতৃ-মাতৃ সকলে দীৰ্ঘদিন ধৰি দৰমহা নোপোৱাত তেওঁলোকৰ উত্তীৰ্ণ সন্তান সকলক উচ্চশিক্ষাৰ গ্ৰহণৰ বাবে কলেজত নামভৰ্তি কৰোৱাৰ বাবে তেওঁলোকৰ হাতত বৰ্তমান সময়ত প্ৰয়োজনীয় অৰ্থ অভাৱ।
তাৰ বাবে কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উচ্চশিক্ষাৰ গ্ৰহণ কৰাৰ হেঁপাহ থকাৰ পাছতো বঞ্চিত হ'ব। সেই কথা লক্ষ্য ৰাখিয়েই অসম নাগৰিক সমাজে আজিৰপৰা ১৫ দিনীয়াকৈ এক অস্থায়ী পুঁজি সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছে। লগতে উল্লেখ কৰে যে যিসকল আগ্ৰহী ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলৈ অৰ্থসাহায্য আগবঢ়াব বিচাৰে তেওঁলোকৰ বাবে অসম নাগৰিক সমাজৰ বেংকৰ একাউণ্টৰ ব্যৱস্থা কৰিছে। তেওঁ লোকৰ বেংক একাউণ্ট সবিশেষ হৈছে-
#অসম নাগৰিক সমাজ।
#ইউনাইটেড বেংক অৱ ইণ্ডিয়া।
#এ.টি ৰোড শাখা গুৱাহাটীৰ-১।
# একাউণ্ট নম্বৰ-০৪৫৫০১০১১৪৫৮৫।
#আইএফএছচি- UTBIOATR৩৭৬।
ইয়াৰ উপৰিও সকলোৰে সুবিধা হোৱাকৈ ৰাইজৰ বাবে এটা ফোন নম্বৰৰ ব্যৱস্থা কৰিছে। সাহায্যৰ বাবে বেংক একাউণ্টত টকা জমা কৰি ব্যক্তিগৰাকীৰ পৰিচয় প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। নম্বৰটো হৈছে ৯৮৬৪১১০৪৫৫।
অসম নাগৰিক সমাজৰ হৈ সভাপতি হৰেকৃষ্ণ ডেকা, কাৰ্যকৰি সভাপতি অজিত কুমাৰ ভূঞা, উপসভাপতি প্ৰশান্ত ৰাজগুৰুকে আদি কৰি সমাজৰ সদস্য সকলে এই আহ্বান জনায়৷