গুৱাহাটীঃ পুত্ৰৰ উপনয়ন এৰি দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত অগপ প্ৰতিস্থাপন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অগপ মুখ্যকাৰ্যলয়ত দিনৰ ১২ বজাৰপৰা অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত হৈ সতীৰ্থ আগত আৱেগিক ভাষণ। ভাষণত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য যে ১৯৮৫-৯০ চৰকাৰ ব্যৰ্থ হৈছিল তাৰ কাৰণ আছিল বহুদলীয় কৰ্মীক হত্যা কৰা হৈছিল। ৰাজ্যত সেই সময়ত উগ্ৰপন্থীৰ সমস্যা আছিল।ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ২০০১ চনৰ লোকসভা নিৰ্বাচনটো বিজেপিৰে মিত্ৰতা কৰা হৈছিল।
কিন্তু অসমত অগপ চৰকাৰ নাহিবৰ বাবেই অসম বিজেপি গঠন কৰা হৈছিল। তাৰ পাছত পুনৰ ২০১৬ চনত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা কৰা হ’ল। এইবাৰ বিজেপি দলে অসমীয়া জাতিধ্বংসী কেব আনিছে। লগতে তেওঁ নেতৃত্বৰ সন্মুখত পুনৰ কয় “মই কেব বিৰোধিতা কৰি আহিছো আৰু কৰি যাম সেয়েহে এইবাৰ লোকসভাৰ নিৰ্বাচনত জড়িত হোৱা নাই।” এই কথা জানিবলৈ দিছে দলটোৰ এক গোপন সূত্ৰই।