কোকৰাঝাৰঃ ৰাজ্যৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ পৌৰ সভাই এচ.এল. আৰ. এম আচঁনিৰ অধীনত হাতত লোৱা কোকৰাঝাৰ চহৰৰ সৌন্দৰ্য্যবৰ্ধনৰ অত্যাধুনিক পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈ পৰিছে গুৱাহাটী পৌৰ নিগম ৷
কোকৰাঝাৰ পৌৰ সভাই বিগত এবছৰ ধৰি চহৰখনত দুটা ভাগ কৰি সংগৃহীত পেলনীয় সামগ্ৰী, জাঁৱৰ-জোথৰসমূহ নিষ্কাশনেৰে জৈৱিক সাৰকে ধৰি বিভিন্ন ব্যৱহাৰ যোগ্য সামগ্ৰী উৎপাদন কৰি আহিছে। এই গোটেই প্ৰক্ৰিয়াটো বুজ লবলৈ আজি গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ নেতৃত্বত জিএমচিৰ এটা দলে কোকৰাঝাৰ পৰিভ্ৰমণ কৰে৷