ৰঙিয়া/তুলসীবাৰীঃ বিশিষ্ট অভিনেতা আব্দুল মজিদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে গৰিয়া যুৱ-ছাত্ৰ পৰিষদে৷ এক বিবৃতি যোগে সংগঠনটোৱে অসমীয়া বোলছবি জগত খনক অভিনয় আৰু পৰিচালনাৰে সমৃদ্ধিশালী কৰিবলৈ সক্ষম হোৱা আব্দুল মজিৰ মৃত্যুত ৰাজ্য খনৰ বাবে ব্যাপক ক্ষতি হোৱা বুলি কয়৷
আব্দুল মজিদে নিখুত অভিনয় শৈলীৰ বাবে চামেলি মেমচাহাবৰ দৰে বোলছবিৰ পৰিচালক আৰু সহ অভিনেতা হিচাপে ৰাষ্ট্ৰপতি বঁটা পোৱাৰ উপৰিও ৰূপকাৰ চলচিত্ৰ বঁটা লাভ কৰি অসমীয়া বোলছবি জগতলৈ গৌৰব কঢ়িয়াই আনিছিল বুলি কয় সংগঠনটোৱে৷