67
বিহালীঃ বুধবাৰে বিশ্বনাথ চাৰিআলিৰ ১নং ৱাৰ্ডৰ কোচগাঁওত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় তথা অলিম্পিক দৰে প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব পৰাকৈ খেলুৱৈ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি আন্তৰ্জাতিক খ্যাতি সম্পন্ন সমৰকলা খেলুৱৈ হৃদয়ানন্দ দাসৰ এক অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰা হয়।
জিলা ক্ৰীড়া বিষয়া মনোৰমা দাসে দ্বাৰ মুকলি কৰা কেন্দ্ৰটোত যুৱ নেতা দিব্যজ্যোতি বৰুৱাৰ সভাপতিত্বত আৰু মানস গোস্বামীৰ পৰিচালনাত এখন উদ্ধোধনী সভা অনুষ্ঠিত হয়।