গুৱাহাটীঃ 'অগপই মিত্ৰতা ভংগ কৰিলে তাতে কি হ’ল? আমি চৰকাৰৰ লগত আছো। চৰকাৰৰ একো নহয়।’-এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰাৰী।

দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিঙেৰে বৈঠকৰ অন্তত অগপই মিত্ৰতা ভংগ কৰাৰ কিছু সময় পিছতে সাংবাদিকৰ আগত মহিলাৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ দল বিপিএফ চৰকাৰৰ লগত আছে।

উল্লেখ্য যে, সোমবাৰে ঘৃণা দিৱসৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে অগপৰ দৰেকৈ বিপিএফকো অসমৰ স্বাৰ্থত মিত্ৰতা ভংগ কৰিবলৈ আহ্বান জনাইছিল। অগপ-বিজেপিৰ মিত্ৰতা ভংগ সন্দৰ্ভত মত ব্যক্ত কৰি কৃষক নেতাগৰাকীয়ে প্ৰয়োজন হ'লে হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী হ'ব বুলিও সদৰী কৰিছিল। 

পিছে তেনে আহ্বানক আওকাণ কৰি মহিলাৰীয়ে জনাই দিয়ে যে তেওঁৰ দল বিপিএফ বিজেপি চৰকাৰৰ লগতে থাকিব। অগপ-বিজেপিৰ মিত্ৰতা ভংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মহিলাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিষয়টোৱে কোনো প্ৰভাৱ নেপেলায় বুলিও দাবী কৰে।

'মিত্ৰতা অগপই ভংগ কৰিছে। কিন্তু লোকসভা নিৰ্বাচনত এইবোৰ কথাই পাত্তাই নাপাব।’-দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত এইদৰে কয় বিটিচি প্ৰধানগৰাকীয়ে।