ৰঙিয়াঃ মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান৷ এই আপ্ত বাক্য শাৰীৰ সৈতে আৰু এটা কথা সংযোগ কৰিব পাৰি৷ মাকৰ ঘৰত জীয়ৰী বাঢ়ি অহাৰ দৰে মানুহৰ মূৰৰ চুলিও প্ৰতিদিনে বাঢ়ি আহে৷ চুলি বাঢ়ি অহাৰ লগে লগে পুৰুষ-মহিলাই ব্যতিক্ৰমকৈ হেয়াৰ ষ্টাইল কৰিবলৈ আৰম্ভ কৰে৷
মানুহ ভেদে হেয়াৰ ষ্টাইল বেলেগ বেলেগ হয়৷ নানা চুলিৰ কাটিং নানা লোকৰ পচন্দ৷ যুৱ প্ৰজন্মৰ কথাই সুকীয়া৷ প্ৰতি মাহত হেয়াৰ ষ্টাইল সলনি কৰে এতিয়াৰ একাংশ যুৱকে৷ স্কুলীয়া ছাত্ৰসকলৰ আকৌ কথাই সুকীয়া৷ কি হেয়াৰ ষ্টাইলে দেখাত ভাল লগা কৰি তুলিব তাক লৈ মহা টেনছনত পৰে ছাত্ৰসকল৷ এইবোৰৰ মাজতে হেয়াৰ ষ্টাইল কৰি বিপদত পৰিল কেইবাগৰাকী ছাত্ৰ৷