ডিজিটেল ডেস্কঃ আপোনাৰো চুলিটাৰী বাৰু দীঘল নেকি ? আপুনিও বাৰু আপোনাৰ চুলিটাৰী মৰমেৰে সজায় নেকি ? তেন্তে আপুনিও সাৱধান হওক, কি ঠিক, মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ পঞ্জাৱ আদিৰ নিচিনাকৈ চুলি চোৰ আহিব পাৰে অসমলৈ । আৰু আপোনাৰ টোপনিৰ সুযোগ লৈ কাটি থৈ যাব পাৰে আপোনাৰ মৰমৰ চুলিটাৰী ।
মুম্বাইৰ ভাইখালা নামৰ অঞ্চলটোত ঘটিল এই ঘটনা । ৰোচন মৌঞ্জুৰী নামৰ মহিলা গৰাকীৰ ৰাতি শোৱাৰ পৰত প্ৰচণ্ড মূৰৰ বিষ আৰম্ভ হয় । এই বিষয়ে তেওঁ তেওঁৰ পতিক জনাই যদিও পতিয়ে সিমান গুৰুত্ব নিদি মূৰৰ বিষৰ টেবলেট খাই শুই থাকিবলৈ পৰামৰ্শ দিয়ে ।