ডিজিটেল ডেস্কঃ আপোনাৰো চুলিটাৰী বাৰু দীঘল নেকি ? আপুনিও বাৰু আপোনাৰ চুলিটাৰী মৰমেৰে সজায় নেকি ? তেন্তে আপুনিও সাৱধান হওক, কি ঠিক, মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ পঞ্জাৱ আদিৰ নিচিনাকৈ চুলি চোৰ আহিব পাৰে অসমলৈ । আৰু আপোনাৰ টোপনিৰ সুযোগ লৈ কাটি থৈ যাব পাৰে আপোনাৰ মৰমৰ চুলিটাৰী । 

মুম্বাইৰ ভাইখালা নামৰ অঞ্চলটোত ঘটিল এই ঘটনা । ৰোচন মৌঞ্জুৰী নামৰ মহিলা গৰাকীৰ ৰাতি শোৱাৰ পৰত প্ৰচণ্ড মূৰৰ বিষ আৰম্ভ হয় ।  এই বিষয়ে তেওঁ তেওঁৰ পতিক জনাই যদিও পতিয়ে সিমান গুৰুত্ব নিদি মূৰৰ বিষৰ টেবলেট খাই শুই থাকিবলৈ পৰামৰ্শ দিয়ে ।

ৰোচন মৌঞ্জুৰীয়ে পিছে টেবলেট নাখায় তেনেদৰেই শুই পৰে । ৰাতি শৰীৰৰ ওপৰেৰে কিবা সৰু পতঙ্গ বগোৱাৰ অনুভৱ কৰি তেওঁ চক খাই বিচনাত বহি পৰে ।

তেওঁৰ পতিয়েও সাৰ পাই কোঠাৰ লাইট জ্বলাই । পিছে গম পোৱা গল যে মৌঞ্জুৰীৰ চুলিটাৰী খহি মাটিত পৰি আছে । এই সন্দৰ্ভত তেওঁলোকে গ্ৰামপাৰা আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে কটা চুলিখিনি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । 

এনে এক আশ্চৰ্যনক ঘটনা সংঘটিত হয় মুম্বাইৰ নালাচুপাৰা নামৰ অঞ্চলটোতো । আনিতা নামৰ যুৱতী গৰাকীয়ে নিজৰ ধুনীয়া চুলিটাৰী যতনাই থকাৰ সময়তে মূৰত প্ৰচণ্ড কামোৰণিৰ অনুভৱ কৰে । যুৱতীগৰাকীৰ মাকে তেওঁক জিৰণি লবলৈ কয় ।

কিছু সময় পিছত যেতিয়া মূৰৰ কামোৰণি কমে, যুৱতী গৰাকীয়ে প্ৰত্যক্ষ কৰে যে তেওঁৰ চুলিটাৰী মাটিত পৰি আছে । 

কেৱল মুম্বাইতে নহয় । এনে অদ্ভুত ঘটনা সংঘটিত হৈছে পঞ্জাৱ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আদি আন আন ৰাজ্যতো।

যাৰ ফলত দীঘল চুলিৰ মহিলাসকল ভীতিগ্ৰস্ত হৈ পৰিছে আৰু খোপাত পলিথিন, মোনা, ঘটি আনকি চুলিত ভগৱানৰ ফটো পৰ্যন্ত বান্ধি চুলি চোৰৰ পৰা ধুনীয়া চুলিটাৰী ৰক্ষাৰ চেষ্টা চলাইছে।