61
গোলকগঞ্জঃ ধুবুৰী জিলাৰ হজ যাত্ৰীসকলক আজি আজি বিভিন্ন ধৰ্মাৱলম্বী লোকে শুভেচ্ছা তথা সম্ভাষণ জনায়৷ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰীগাঁৱত হজ যাত্ৰী সকলক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে আজি এখন সভা অনুষ্ঠিত হয়৷
কামানডাংগা আঞ্চলিক জাকাত পৰিচালনা সমিতিৰ উদ্দোগত কাছাৰীগাঁও শংকৰ-আজান আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত সভাখন পৰিচালনা কৰে বিশিষ্ট ব্যক্তি হাজী আব্দুল লতিফ আকন্দই। সভাত এইবাৰ হজলৈ ওলোৱা যাত্ৰীসকলক একোখন ৰুমাল দি সম্ভাষণ জনায়।