newsnextone.com | মোৰাঝাৰঃ হোজাই জিলা হজ কমিটি আৰু স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ যৌথ উদ্যোগত মঙলবাৰৰ পৰা মৰ্কজ পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত হোজাই জিলাৰ হজ যাত্ৰীসকলৰ বাবে দুদিনীয়া হজ প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা হৈছে৷ 

মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভণি কৰে হোজাই জিলা হজ কমিটিৰ সভাপতি তথা জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে৷ এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে হজ যাত্ৰী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়৷

আনহাতে অনুষ্ঠানত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ভাষণ প্ৰসংগত কয় যে, হজৰ দৰে পৱিত্ৰ যাত্ৰা যিমান শুদ্ধ অন্তৰেৰে কৰা হব সিমানেই যাত্ৰীসকল উপকৃত হ’ব৷

অনুষ্ঠানত বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলেও হজ যাত্ৰীসকলৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ উল্লেখ্য যে, মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া হজ প্ৰশিক্ষণ শিৱিৰৰ সামৰণি পৰিব ২৭ জুন বুধবাৰে৷