newsnextone.com | মোৰাঝাৰঃ হোজাই জিলা হজ কমিটি আৰু স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ যৌথ উদ্যোগত মঙলবাৰৰ পৰা মৰ্কজ পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত হোজাই জিলাৰ হজ যাত্ৰীসকলৰ বাবে দুদিনীয়া হজ প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা হৈছে৷
মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভণি কৰে হোজাই জিলা হজ কমিটিৰ সভাপতি তথা জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে৷ এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে হজ যাত্ৰী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়৷