বৰপেটাৰোডঃ শালবাৰী জিলাৰ মহিলা বি পি এফৰ মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ এক সাংগঠনিক সভা সোমবাৰে শালবাৰী জিলা বি পি এফৰ কাৰ্যালয়ত দিনৰ ১২ বজাত অনুষ্ঠিত হয়। 

শালবাৰী জিলা বি পি এফৰ মহিলা কোষৰ সভানেত্ৰী নিভাৰাণী বসুমতাৰীৰ পৌৰহিত্বত অনুষ্ঠিত সাংগঠনিক সভাত কেন্দ্ৰীয় মহিলা বি পি এফৰ সভানেত্ৰী সুপ্ৰিয়া বসুমতাৰী, সম্পাদিকা উমা ৰাণী বসুমতাৰী এচ ডি চি ডব্লিউ সভানেত্ৰী নিভাৰণি বসুমতাৰী আদিকে কৰি বহু কেইগৰাকী নেতৃ উপস্থিত থাকি আগন্তক ২০২০ বৰ্ষত বি টি চিৰ পৰিষদৰ নিৰ্বাচিত বি পি এফ দলৰ প্ৰাৰ্থীক জয় কৰোৱা দলৰ প্ৰাথমিক গোট সমূহ শক্তিশালী কৰি  সক্ৰিয় কৰা, মহিলা সকলৰ ভূমিকা, ৰাইজৰ তথা সমাজৰ উন্নয়ন আদিকে কৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় ভাষণ প্ৰদান কৰিছিল৷

শালবাৰী জিলা ভিন্ন ভিচিডিচি তথা প্ৰাইমেৰীৰপৰা অংশ গ্ৰহণ কৰা প্ৰায় ২ শতাধিক সভানেত্ৰী-সম্পাদিকাৰ মাজত।