newnsextone.com| মাজুলীঃ মাজুলীৰ গড়কাপ্টানীলৈ ঐতিহাসিক সংযোজন। একেদিনাই মাজুলীত ৬০ কোটি টকাৰ ২৮ টা পকী পথৰ অাধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দ্বাৰা স্থাপন হয় এই অাধাৰশিলা৷ এদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলীৰ ২৮ টাকৈ প্ৰধান মন্ত্ৰীৰ গ্ৰাম্য চড়ক যোজনাৰ পকী পথৰ অাধাৰশিলা উদ্বোধন কৰে। আনহাতে মাজুলীৰ কাকতিবাৰী অাৰু ৰংগ মঞ্চ অাৰু ৰঙাছাহী ৰংগমঞ্চত অনুষ্ঠিত অাধাৰ শিলা অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে৷ লগতে মুখ্যমন্ত্ৰী সোনোৱাল ডাঙৰীয়াই অনুষ্ঠানটোৰ শুভাৰন্ত কৰে৷