খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন বন সংমণ্ডল অধীনত হামৰেনস্থিত ৰিক্ৰিয়েচন পার্ক নিৰ্মাণৰ নামত সংঘটিত হৈছে ৭৮ লাখ টকাৰ দুৰ্নীতি। ৰিক্ৰিয়েচন পার্ক নিৰ্মাণৰ বাবে বিগত ২০১০-১১ বিত্তীয় বৰ্ষত আবন্টন দিয়া হৈছিল ৭৮ লাখ টকা। সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে এক সংবাদমেল আয়োজন কৰি তুলিছে এই গুৰুত্বপূৰ্ণ অভিযোগ।
অভিযোগ অনুসৰি বৃহৎ পৰিমাণৰ ধন আবন্টন দিয়াৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল উক্ত ৰিক্ৰিয়েচন পার্কখন। সংবাদমেলত ছাত্ৰ পৰিষদৰ সভাপতি বিবিচন টেৰণ, সাধাৰণ সম্পাদক জিন্টু হাজৰিকা কয় যে এই সন্দৰ্ভত হামৰেন আৰক্ষী থানাত ক্ৰমে জিলা বন বিষয়া জে এন হাজৰিকা, নন্দৰাম টেৰণ, এ চি এফ জে কে ব্ৰহ্ম, বন বিষয়া বি বি সিংহা, মোহন ছিং তিচ্ছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নায়।