59
নলবাৰীঃ এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰে’লৰ আগত পৰি আত্মহত্যা কৰিব বিচৰা এক হৃদয়স্পৰ্শী ঘটনাই নলবাৰী জিলাৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে চুই গৈছে৷
নিজৰ পুত্ৰ-কন্যাৰ চৰম নিৰ্যাতনৰ বলি হোৱা অধ্যাপক গৰাকী হৈছে সন্দিকৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধি। নিজ গৃহত চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা আশী উৰ্ধৰ বৃদ্ধ ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে যোৱা ২৫ মে’ত নলবাৰী ৰে’ল ষ্টেচনৰ ওচৰত ৰে’লৰ আগত পৰি আত্মহত্যাৰ চেষ্টা কৰিছিল।