ডিজিটেল ডেস্কঃ নেট দুনীয়াৰ ছেনছেশ্যন সেই চাহ বিক্ৰেতাজনৰ কথা মনত আছেনে? মনত আছেনে নেপালৰ সেই পাচলি আৰু ফলমূল বিক্ৰী কৰা ছোৱালীজনীলৈ? পাকিস্তানৰ সুদৰ্শন চাহ বিক্ৰেতাজন আৰু নেপালৰ দীপলিপ পাচলি বিক্ৰী কৰা ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াযোগে সমগ্ৰ বিশ্বতে অৰ্জন কৰিছিল ব্যাপক জনপ্ৰিয়তা।  

একেদৰে এইবাৰ নেট দুনীয়াত ছেনছেশ্যন হৈ পৰিছে ভাৰতৰ এজন আই পি এছ বিষয়া। মধ্যপ্ৰদেশৰ এই আই পি এছ অফিছাৰজনক দেখিলে বলীউডৰ যিকোনো তাৰকাই মূৰ ঘূৰাই পৰি যাবলৈ বাধ্য!

এই আৰক্ষী বিষয়াজনক হেণ্ডছাম বুলি ক’লেও কমকৈ কোৱা হ’ব। নাম তেওঁৰ শচীন অতুলকৰ। মাত্ৰ ২২ বছৰ বয়সতে আই পি এছ হ’বলৈ সমৰ্থ হৈছে তেওঁ। নিজৰ সুঠাম চেহেৰা ধৰি ৰাখিবলৈ প্ৰতিদিনে নিয়মিত ব্যয়াম কৰে শচীনে। নিয়মিত ব্যয়ামে মানসিকভাৱেও প্ৰতি মুহূৰ্ততে ফ্ৰেশ্ব হৈ থকাত সহায় কৰে বুলি তেওঁ জনাইছে। 

ইণ্টাৰনেটৰ নতুন ছেনছেশ্যন আৰক্ষী বিষয়া শচীনৰ ফেচবুক পেজত লাইকৰ সংখ্যা প্ৰচুৰ। বিশেষকৈ তেওঁৰ মহিলা ভক্ত আছে অগণন। ১৯৯৯ চনত এই জন 'হেণ্ডছাম বয়’-এ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেটো খেলিছিল। ক্ৰিকেটৰ বাবে স্বৰ্ণ পদকো জয় কৰিছিল তেওঁ।

এইজন আই পি এছ বিষয়াৰ হৰ্ছ ৰাইডিঙতো আছে বিশেষ ছখ। হৰ্ছ ৰাইডিঙৰ বাবেও একাধিক স্বৰ্ণ পদক জয় কৰিছে তেওঁ। ফেশ্যনতো আছে তেওঁৰ বিশেষ ৰাপ। তেওঁৰ ফেচবুক পেজ চালেই দেখা যায় যে সকলো অনুষ্ঠানতে তেওঁ সঠিকতকৈও সঠিক পোছাকহে পিন্ধে। সেয়ে ফটোগ্ৰাফাৰসকলৰ তেওঁ বিশেষ পছন্দ। স্থানীয় টিভি চেনেল আৰু বাতৰি কাকততো প্ৰাধান্য পায় শচীনৰ ফটো।

বহুতৰ মতেই তেওঁ হৈছে প্ৰকৃততে এজন ৰিয়েল লাইফ হিৰো। বলীউডৰ নায়কসকলক পাবলৈ যেনেদৰে যুৱতীসকল ব্যাকুল হৈ থাকে তেনেদৰে আই পি এছ শচীনৰ সান্নিধ্য পাবলৈকো উদ্বাউল হৈ থাকে যুৱতীসকল।

♦ অসমৰ লগতে দেশ-বিদেশৰ প্ৰতিটো বা-বাতৰিৰ বাবে সময় পালেই ভিজিট কৰক www.newsnextone.com। ♦