চিৰাংঃ ‘‘এয়া অসম নহয়, বিটিএডি হয়৷ ইয়াত যি হ’ব, বিটিচিৰ মতেই হ’ব লাগিব৷’’ এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ৷ বুধবাৰে চিৰাং জিলাৰ কাজলগাঁও নগৰৰ মাজ মজিয়া ঢালিগাঁৱত নিৰ্মিত কাৰ্বন ৰিচৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কাৰ্বন ফেক্টৰীটোৰ বুজ লৈ এনেদৰে মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে৷ 

কাৰ্বন ফেক্টৰীটো বিটিচিৰ অনুমতি নোলোৱাকৈ অবৈধ ভাৱে নিৰ্মান কৰা হৈছে বুলি দাবী কৰি বুধবাৰে বিটিচি প্ৰধানগৰাকীয়ে উদ্যোগটো বন্ধ কৰাৰ নিৰ্দেশ দিয়ে৷ উদ্যোগটোৰ পৰা নিৰ্গত ধোৱা আৰু আৱৰ্জনাই চৌপাশৰ অঞ্চল প্ৰদূষণৰ সৃষ্টি হ’ব বুলি কৈ স্থানীয় ৰাইজে দীৰ্ঘ দিনৰ পৰা উদ্যোগটো বন্ধ কৰিবলৈ দাবী উত্থাপন কৰি আহিছিল৷ 

ইয়াৰ পাছতে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই উদ্যোগটো বন্ধ কৰি দিয়ে যদিও উদ্যোগটোৰ মালিক পক্ষই উচ্চতম ন্যায়ালয়ৰ কাষ চাপি ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ উদ্যোগটোৰ মুকলি কৰে৷ উল্লেখ্য যে, উদ্যোগটোৰ মালিকপক্ষৰ শাসকীয় পক্ষৰ প্ৰভাৱশালী নেতাৰ সৈতে সু-সম্পৰ্ক থকাৰ বাবেই বিটিচিত এই উদ্যোগটো নিৰ্মাণ কৰাৰ অনুমতি লাভ কৰিছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছিল৷

উদ্যোগটোৰ শেহতীয়া স্থিতি সন্দৰ্ভত বুজ ল’বলৈ বুধবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উদ্যোগটোত উপস্থিত হয়৷ উদ্যোগটোৱে সৃষ্টি কৰা প্ৰদূষণ আৰু উদ্যোগটোৱে নিৰ্মাণ কৰা এলেকাটোৰ বিষয়ে বুজ লৈ হাগ্ৰমা মহিলাৰীয়ে শীঘ্ৰে উদ্যোগটো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ কয়, ‘‘এয়া বিটিএডিৰ মাটি৷ ইয়াত কোনো কাৰ্বন ফেক্টৰী নিৰ্মাণ কৰিবৰ বাবে অনুমতি দিয়া হোৱা নাই৷ আমাৰ মাটি আমি চাম৷ ঘয়াত কাৰো দাদাগিৰি নচলিব৷ এইখন অসম নহয়, বিটিএডি হয়৷ গতিকে ইয়াত যি হ’ব সেয়া বিটিচিৰ মতেই হ’ব৷’’

ইফালে উদ্যোগটোৰ মালিকপক্ষৰ কেন্দ্ৰীয় বিজেপি নেতাৰ সতে সু-সম্পৰ্ক থকা সন্দৰ্ভত মহিলাৰীয়ে কয়, ‘‘ফেক্টৰীৰ মালিকৰ কাৰ সতে সু-সম্পৰ্ক আছে সেয়া মই চাবলৈ নাই৷ মোৰ চিধা কথা, বিটিএডিত আমাৰ মতেই হ’ব৷ ইয়াত বিজেপিৰ মত নচলে৷’’

ইফালে, ৰাজ্যত বিজেপি আৰু অগপৰ সৈতে লগ লাগি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত বিজেপিৰ ভূমিকা শূন্য বুলি প্ৰমাণিত কৰি মিত্ৰজোঁটৰ চৰকাৰখনত আউল লগাব বিচাৰিছ বুলি বহুতে মত প্ৰকাশ কৰিছে৷ আনহাতে ‘এইখন অসম নহয়’ বুলি মহিলাৰীয়ে কৰা মন্তব্যইও বিতৰ্কৰ সৃষ্টি কৰিছে৷ অসমৰ পৰা বিটিএডি কেতিয়া পৃথক হ’ল বুলি প্ৰশ্ন কৰি বিভিন্ন জনে বিটিচি প্ৰধানগৰাকীৰ এনে মন্তব্যক ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷