চিৰাংঃ ‘‘এয়া অসম নহয়, বিটিএডি হয়৷ ইয়াত যি হ’ব, বিটিচিৰ মতেই হ’ব লাগিব৷’’ এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ৷ বুধবাৰে চিৰাং জিলাৰ কাজলগাঁও নগৰৰ মাজ মজিয়া ঢালিগাঁৱত নিৰ্মিত কাৰ্বন ৰিচৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কাৰ্বন ফেক্টৰীটোৰ বুজ লৈ এনেদৰে মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে৷
কাৰ্বন ফেক্টৰীটো বিটিচিৰ অনুমতি নোলোৱাকৈ অবৈধ ভাৱে নিৰ্মান কৰা হৈছে বুলি দাবী কৰি বুধবাৰে বিটিচি প্ৰধানগৰাকীয়ে উদ্যোগটো বন্ধ কৰাৰ নিৰ্দেশ দিয়ে৷ উদ্যোগটোৰ পৰা নিৰ্গত ধোৱা আৰু আৱৰ্জনাই চৌপাশৰ অঞ্চল প্ৰদূষণৰ সৃষ্টি হ’ব বুলি কৈ স্থানীয় ৰাইজে দীৰ্ঘ দিনৰ পৰা উদ্যোগটো বন্ধ কৰিবলৈ দাবী উত্থাপন কৰি আহিছিল৷