শুক্লাইঃ পৰিবৰ্তনৰ নামত চৰকাৰ সলনি হয় যদিও ৰাইজৰ হে ভাগ্য হে সলনি নহয়৷ মন্ত্ৰী-বিধায়ক হৈ নিশাৰ ভিতৰতে জীৱন সলনি হয় যদিও জীৱন ধাৰণৰ মাণদণ্ড উন্নত নহয় সৰ্বসাধৰণৰ৷ গাড়ী-ঘৰ, টকা-পইচাৰে নদন-বদন হয় তেওলোক৷ কিন্তু দৰিদ্ৰ-শ্ৰমিকৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে ঢাল খায়৷ মন্ত্ৰী-বিধায়ক হৈ চহৰত বৰ বৰ আট্টালিকাত ৰজাৰ দৰে থাকিবলৈ আৰম্ভ কৰে৷
যিয়ে নিৰ্বাচনৰ পুৰ্বে বৰ বৰ কথা কয় তেওলোকৰে ভাগ্য উদয় হয়৷ গাড়ী ঘোৰা চলাবলৈ ভাগ্য মুকলি হয়৷ তেনে লোকে কোটি টকীয়া গাড়ীত ঘুৰিবলৈ আৰম্ভ কৰে৷ তেনে লোকে নিজৰ জীৱনটোৰ পুৰ্বৰ কথা পাহৰি গৈ ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহো পাহৰি যায়৷ ৰাইজে সমস্যাৰে ককবকাই থাকিব লগা হয় যদিও গুৰুত্ব আৰোপ নকৰে নেতা সকলে৷