কোকৰাঝাৰঃ মন্ত্ৰিত্বক লৈ স্বয়ং বিজেপি দলৰ মাজতে মতানৈক্য আৰু অসন্তুষ্টিয়ে গা কৰি উঠাৰ পিছত চৰকাৰৰ সহযোগী দল বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে কোকৰাঝাৰত মন্ত্ৰিত্বক লৈ নিজ দলৰ বক্তব্য প্ৰকাশ কৰিছে। 

কোকৰাঝাৰৰ বাথৌ কমপ্লেক্সৰ আৰনাইৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা বিপিএফৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে মতানৈক্য আৰু অসন্তুষ্টিৰ বিপৰীতে মন্ত্ৰীত্বক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। 

হাগ্ৰামা মহিলাৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে যি বিভাগ দিছে তাকে লৈ তেওঁলোক সন্তুষ্ট। বিভাগৰ লগত কোনো কথা নাই বৰং অসম আৰু বিটিএডিৰ উন্নয়ন হে মুল কথা বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰিত্বক লৈ চলা আন্দোলন সন্দৰ্ভতো বিপিএফৰ একো কব লগা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে। 

আজিৰ নীতি নিৰ্ধাৰণ সমিতিৰ সভাতে বিপিএফ দলৰ আগন্তুক অধিবেশন সন্দৰ্ভত আলোচনা হোৱাৰ লগতে অহা ৬ মেত বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া বিহু উদযাপন সন্দৰ্ভতো আলোচিত হয়। বিহুৰ কাৰ্যসূচীত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংগঠনক আমন্ত্ৰণ জনোৱা হ’ব বুলিও সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

ইপিনে মন্ত্ৰিত্বক লৈ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই দুখ প্ৰকাশ কৰিছে। বিশেষকৈ দেহে কেহে লাগি থকা সত্বেও বন বিভাগটো তেওঁৰ পৰা কৰ্তন কৰাত দুখ পোৱা বুলি মত প্ৰকাশ কৰিছে মন্ত্ৰী ব্ৰহ্মই। ইয়াৰোপৰি তেওঁৰ পৰা বন বিভাগ কৰ্তন কৰাৰ পিছতে গছ-গছনি, গঁড়, হাতী, বান্দৰ, বাঘ, ভালুকৰ ছবি তেওঁৰ চকুৰ আগত ভাঁহি উঠিছে বুলি মন্তব্য কৰে। বন বিভাগটো কৰ্তন কৰাত তেওঁ দুখ পাইছে আৰু বন্যপ্ৰাণীসমুহেও দুখ অনুভৱ কৰা বুলি তেওঁৰ অনুভৱ হৈছে বুলি মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আৱেগিক মন্তব্য প্ৰকাশ কৰিছে।