53
কোকৰাঝাৰঃ মন্ত্ৰিত্বক লৈ স্বয়ং বিজেপি দলৰ মাজতে মতানৈক্য আৰু অসন্তুষ্টিয়ে গা কৰি উঠাৰ পিছত চৰকাৰৰ সহযোগী দল বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে কোকৰাঝাৰত মন্ত্ৰিত্বক লৈ নিজ দলৰ বক্তব্য প্ৰকাশ কৰিছে।
কোকৰাঝাৰৰ বাথৌ কমপ্লেক্সৰ আৰনাইৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা বিপিএফৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে মতানৈক্য আৰু অসন্তুষ্টিৰ বিপৰীতে মন্ত্ৰীত্বক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে।