newsnextone.com | কোকৰাঝাৰঃ সমগ্ৰ বিশ্ববাসীৰ লগতে বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈছে হাগ্ৰামা৷ কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত এক সংবাদমেলত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই কথা উল্লেখ কৰে৷

শুভাশীষ কৰ নামৰ এগৰাকী যুৱ বিজ্ঞানীক ৫ লাখৰ চেক প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে যুৱ বিজ্ঞানীগৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰে। বিটিচি চৰকাে ২.৫ লাখ আৰু বিপিএফ দলে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰে যুৱ বিজ্ঞানীজনক৷   

ইপিনে হাগ্ৰামা মহিলাৰীয়ে ফিফা বিশ্বকাপ ফুটবলৰ বাবে পেপাৰ, টিভিত নিউজ চাবলৈ সময় নাই বুলি মন্তব্যৰে বৰ্তমান তেওঁ খেল চোৱাত ব্যস্ত বুলি সদৰি কৰিছে। উল্লেখ্যে যে, সম্বৰ্ধিত হোৱা যুৱ বিজ্ঞানীগৰাকীয়ে হলোপিক্স নামৰ মোবাইল ডিভাইছ বিশ্বত প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰি ভিডিঅ কলিংৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি দাবী কৰিছে যুৱ বিজ্ঞানী শুভাশীষ কৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাসিন্দা যুৱ বিজ্ঞানীগৰাকীয়ে সদৰি কৰা মতে তেওঁৰ আৱিস্কাৰক লৈ ইতিমধ্যে বিশ্বৰ মাল্টিনেচনেল কোম্পানীবোৰৰ মাজত খলকনিৰ সৃষ্টি হৈছে।