কোকৰাঝাৰঃ কিছু দিন আগলৈ বিজেপিৰ সভাপতি আৰু বিপিএফৰ নেতাৰ মাজৰ বাক যুদ্ধ তুংগত উঠিছিল৷ বিশেষকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিটিচি দখলৰ হুংকাৰ দিয়াৰ লগতে কোকৰাঝাৰ লোক সভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ কথা কোৱাৰ পিছৰে পৰা হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাক যুদ্ধই চূড়ান্ত ৰূপ ধাৰণ কৰাৰ লগে লগে চৰ্চা হৈছিল মন্ত্ৰী সভা সম্প্ৰসাৰণৰ বিষয়টো৷ ৰাজনীতিৰ খবৰ ৰখা একাংশ লোকে বিপিএফে দুগৰাকী মন্ত্ৰীত্ব বিছাৰিব বুলি কোৱা-কুৱি কৰিছিল৷
হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ লোকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছিল মন্ত্ৰী সভা সম্প্ৰসাৰণ সন্দৰ্ভত৷ কিন্তু লাহে লাহে যেন এই বাক যুদ্ধই-মন্ত্ৰী সভা সম্প্ৰসাৰণৰ বিষয় ইমানতে সামৰণি পৰিল৷ শেহতীয়াকৈ মিত্ৰজোটৰ সংগী দল অগপ, বিপিএপে এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত৷ একাংশ অগপ-বিপিএফ নেতা সংবাদ মাধ্যমৰ পৰা দূৰে দূৰে থকা দেখা যায়৷