ডিজিটেল ডেস্কঃ আজি দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ জন্মদিন৷ দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ১৯৪৫ চনৰ ১ অক্টোবৰত উত্তৰ প্ৰদেশৰ ডেৰাপুৰৰ পৰাওঁখ গাঁৱত জন্ম গ্ৰহণ কৰিছিল৷ আজি ৰাষ্ট্ৰপতিগৰাকীক পুৱাই ৭২ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ মোডীয়ে পুৱাই টুইট কৰি এনেদৰে কয় “Birthday wishes to Rashtrapati ji. May Almighty bless him with a long and healthy life devoted to the service of our nation”৷
মোডীয়ে লগ ধৰিও শুভেচ্ছা যাচে ৰাষ্ট্ৰপতিগৰাকীক৷ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ৰাষ্ট্ৰপতিক লগ ধৰি জন্মদিনৰ শুভেচ্ছা যাচে৷ আনহাতে জন্মদিনটোত ৰাষ্ট্ৰপতি কোৱিন্দে মুম্বাইৰ ছিৰদিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে বিমান বন্দৰৰ পৰা উৰা মৰা প্ৰথম খন বিমানৰ ফ্লেগ অফ কৰে৷