ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যত এতিয়া এতিয়া তিনি যুৱকৰ নাম ব্যাপক চৰ্চাত৷ অল্পেশ ঠাকুৰ, হাৰ্দিক পেটেল আৰু জিগনেছ মাৱানীৰ নাম ব্যাপক চৰ্চাত৷ গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিছে তিনি যুৱকে৷ ইতিমধ্যে অ’বিচি নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগদান কৰিছে৷ হাৰ্দিক পেটেল আৰু জিগনেছ মাৱানী একপ্ৰকাৰ কংগ্ৰেছৰ পক্ষত থিয় দিছে৷
পেটেলৰ সংৰক্ষণ দাবীত প্ৰতিবাদ কৰি জনপ্ৰিয় হোৱা হাৰ্দিক পেটেলে নিৰ্বাচনত কংগ্ৰেছক সহায় কৰা পৰিলক্ষিত হৈছে৷ কগ্ৰেছক মুৰলি সমৰ্থন কৰিব নে এই সন্দৰ্ভত হাৰ্দিকে দুই এদিনৰ ভিতৰত আন্দোলনৰ সৈতে জড়িত আন আন সতীৰ্থৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সিন্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু সকেলো প্ৰস্তুতিত আউল লগালে দুটি ভিডিঅ’ই৷ গুজৰাট নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ বিজেপিৰ বাকযুদ্ধ, টুইট যুদ্ধ অব্যাহত থকাৰ মাজতে অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গুজৰাটৰ ৰাজনীতিত।