79
ধিংঃ অসমীয়া সমাজে ভাদ মাহটো পৱিত্ৰ মাহ হিচাপে গণ্য কৰে। সমগ্ৰ মাহটোৱে ৰাজ্য খনৰ নামঘৰ সমূহ নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তন আৰু তাল-খোলৰ শব্দই ৰজন-জনাই।
ভকতসকলৰ নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তনেৰে প্ৰতিধ্বনিত হয় প্ৰতি খন গাঁও প্ৰতিটো চুবুৰী। আজি পৱিত্ৰ ভাদ মাহৰ পহিলা দিন। হৰি নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিটো নামঘৰ।