বৰপেটাঃ নামনি অসমৰ বাণিজ্য প্ৰধান চহৰৰ বৰপেটাৰোড পৌৰ সভাৰ হৰিজন চাফাই কৰ্মী আৰু গেং মজদূৰ সকলে সোমবাৰৰপৰা কৰ্ম বিৰতি ধৰ্মঘট কাৰ্য্যসূচী আৰম্ভ কৰে৷ তেওঁলোকৰ ৭ দফীয়া দাবী পূৰণ নকৰিলে এই কৰ্ম বিৰতি ধৰ্মঘট অনিৰ্দিষ্ট কালকৈ চলিব বুলি জানিব পৰা গৈছে৷
তেওঁলোকৰ দাবীসমূহ হৈছে অসম চৰকাৰৰ নির্দেশনা মর্মে দৰমহা দিয়া, পুৰণি চাফাই কর্মী সকলক ৫০০ টকাকৈ ৫ বছৰৰ ইনক্রিমেন্ট দিয়া, পুৰণি চাফাই কর্মীক স্থায়ীকৰণৰ ব্যৱস্থা কৰা, ২০১৮ চনৰ জুন মাহৰ ১ তাৰিখৰপৰা চৰকাৰৰ নির্দেশ মৰ্মে বকেয়া দিয়া, চাফাই কৰ্মচাৰী সকলক বছৰে বছৰে ইনক্রিমেন্ট দিয়া, চাফাই কৰ্মচাৰী সকলক নিযুক্তি পত্ৰ দিয়াৰ ব্যবস্থা কৰা আৰু চাফাই কৰ্মচাৰী সকলক ৬৫ বছৰলৈকে চাকৰিত বাহাল ৰখা।