জাজৰিঃ কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাক আজি ৰাজ্যজুৰি স্মৰণ কৰে গাঁওৰক্ষী বাহিনীৰ লোকসকলে৷ সদৌ অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিস্থাপক কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাৰ ৪৮ তম স্মৃতি দিৱস আজি গাঁওৰক্ষী বাহিনীৰ সমিতি সমূহে উলহ-মালহেৰে পালন কৰে৷
বিভিন্ন প্ৰন্তৰ লগতে নগাঁও জিলাৰ জাজৰিত পালন কৰা হয় কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাৰ ৪৮ তম স্মৃতি দিৱস৷ জাজৰি আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ স্থায়ী কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰেপালন কৰে কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাৰ স্মৃতি দিৱস।