Home দেশহাৰিয়ানাত বৰ্ণবিদ্বেষ, আহত ৯ দলিত যুৱক

হাৰিয়ানাত বৰ্ণবিদ্বেষ, আহত ৯ দলিত যুৱক

by News Desk
A+A-
Reset
honour-killing

চণ্ডীগড়ঃ ছবছৰ আগতে বৰ্ণবিদ্বেষৰ হিংসাৰ জুইত মিৰ্ছপুৰ গাঁৱত জীৱন্তে জলিছিল দুজনকৈ লোক। ২০১০ চনৰ এই ঘটনাত এগৰাকী ১৯ বৰ্ষীয় পলিঅ’ আক্ৰান্ত যুৱতীৰ সৈতে পিতৃক উচ্চবৰ্ণৰ লোকে জীৱন্তে জলাই দিয়াৰ অভিযোগ উঠিছিল। জলাই দিয়া হৈছিল ঘৰ। হাৰিয়ানাৰ হিছাৰ জিলাৰ এই গাঁওখনত যোৱা দুবছৰ ধৰি মোতায়েন কৰি থোৱা সেনাৰ কটকটীয়া পহৰা আঁতৰোৱাৰ দুমাহ নৌহওতেই পুনৰ সংৰ্ঘষৰ সূত্ৰপাত ঘটে সোমবাৰে নিশা। চাইকেল খেল প্ৰদৰ্শনীৰ মাজতে কোনোবা এজনে দলিত যুৱকক উদ্দেশ্যি কৰি দিয়া মন্তব্যক লৈ হোৱা বাক-বিতণ্ডা আৰু তাৰপিছত হোৱা মাৰপিটত ৯ জন দলিত যুৱক আহত হয়। অভিযোগ মতে ২০ জনীয়া এটা দলে দলিত যুৱকৰ ওপৰত চলোৱা আক্ৰমণত ৯ জনকৈ লোক আহত হয়। আৰক্ষীৰ হাতত থকা অভিযোগ মতে চাইকেল খেলত জয়ী হোৱা দলিত যুৱকজনক কৰা বিদ্বেষমুলক মন্তব্যৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু অইন সম্প্ৰদায়ৰ ২০ জনীয়া দলটোৱে দলিত যুৱককেইজনৰ ওপৰত আক্ৰমণ চলায়। ঘটনাৰ পাছতে মিৰ্ছপুৰ আৰক্ষী চকীৰ সমুখত দলিত যুৱকৰ এটা বৃহৎ দল একগোট হৈ বিক্ষোভ প্ৰদৰ্শন কৰে। ঘটনাৰ খবৰ পায়েই ততাতয়াকৈ আৰক্ষীৰ দল এটি তাত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। কোনোধৰণৰ অঘটন যাতে নঘটে তাৰ বাবে চিআৰপিএফৰ দল এটিও মোতায়েন কৰা হয়। ইতিমধ্যে ১৫ জন লোকৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0