56
ধিংঃ শিৱসাগৰৰ বাইপাছত যোৱা ৫ মে’ৰ নিশা এখন গৰুভৰ্তি ট্ৰাক হাইজেক কাণ্ডৰ মাষ্টাৰমাইণ্ড অৱশেষত অাৰক্ষীৰ জালত পৰে। শিৱসাগৰ আৰক্ষীয়ে কেইবামাহ ধৰি সন্ধান কৰি থকা ডকাইতটোক আজি বটদ্ৰৱা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
এক গোপন খবৰৰ ভিত্তিত আজি বিয়লি অভিযান চলাই হাৰুণ ৰচিদ নামৰ দুধৰ্ষ ডকাইতটোক বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে। ধৃত হাৰুণ ৰচিদৰ ঘৰ বটদ্ৰৱাৰ কদমনিত।