লক্ষ্ণৌঃ দেশৰ ভিন্ন প্ৰান্তত প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে যোগীৰাজ্য উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হৈছে এক বৃহৎ অঘটন৷ প্ৰাপ্ত খবৰ অনুযায়ী মঙলবাৰে হাথৰছত চলি থকা এক ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছে শতাধিক লোকে। নিহতসকলৰ অধিকাংশই মহিলা আছিল বুলি জানিবলৈ দিছে স্থানীয় আৰক্ষীয়ে। নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

উল্লেখ্য যে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত হাথৰছত সংঘটিত এগৰাকী দলিত কিশোৰীৰ গণধৰ্ষণৰ ঘটনাক লৈ উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। আজি সংঘটিত অঘটনৰ পিছতেই পুনৰ দেশজুৰি চৰ্চালৈ আহিছে সেই হাথৰছ। লগতে স্থানীয় প্ৰশাসন তথা উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকাক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন। 

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী হাথৰছৰ ছিকেন্দাৰা ৰাউ চহৰৰ ৰতিভানপুৰত এক বিশাল ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ বিশেষভাৱে তৈয়াৰ কৰা বিশাল পেণ্ডেলত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিত সৎসংগ সভা চলিছিল৷ এই সৎসংগ সভাত সেই সময়ত ভোলে বাবা নামৰ এজন ধৰ্মীয় গুৰুৱে ভাষণ প্ৰদান কৰি আছিল৷   

আৰক্ষী সূত্ৰই জনোৱা মতে, মঙলবাৰৰ বিয়লি ২ বজাৰ পৰা হাথৰছ আৰু ইটাৱা জিলাৰ সীমান্তৱৰ্তী এলেকাত প্ৰশাসনে এই ধৰ্মীয় সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছিল৷ অনুষ্ঠানত কেবাহাজাৰ লোক সমবেত হয়৷ অনুষ্ঠান শেষ হ'বলৈ কিছু সময় বাকী থকা অৱস্থাতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু হঠাতে একাংশ লোকে দৌৰা-দৌৰি আৰম্ভ কৰে৷ বহু লোক দৌৰা-দৌৰিৰ সময়ত মাটিত বাগৰি পৰে৷ বাগৰি পৰা লোকসকলে ভিৰৰ বাবে উঠিব নোৱাৰাত মাটিত পৰি থকা অৱস্থাতে সেই লোকসকলৰ শৰীৰৰ ওপৰেৰে দৌৰি আন একাংশ লোকে নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা চলায়।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰে যদিও নিয়ন্ত্ৰণাধীন হৈ পৰে৷ ফলত ৩০ মিনিটৰ ভিতৰতে প্ৰায় ৬০গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়াত পৰে৷ প্ৰথমাৱস্থাত উদ্ধাৰ হোৱা ৬০টা মৃতদেহৰ ভিতিৰত ২৩টা মহিলাৰ আৰু এটি শিশুৰ বুলি নিশ্চিত কৰে স্থানীয় আৰক্ষীয়ে৷ ঘটনাটোত প্ৰায় দুই শতাধিক লোক আহত হয়৷  হাথৰছৰ আৰক্ষী অধীক্ষক নিপুণ আগৰৱালাই সংবাদ মাধ্যমৰ আগত এই দুৰ্ঘটনাত ৬০ জন লোক নিহত হোৱা বুলি উল্লেখ কৰিছে যদিও বেচৰকাৰী সূত্ৰৰ খবৰ অনুযায়ী এই বাতৰি যুগুতোৱা পৰ্যন্ত ঘটনাটোত অতিকমেও ১৫০ৰো অধিক লোক নিহত হৈছে।

প্ৰায় ডেৰ ঘণ্টাৰ অন্তত পৰিস্থিতি ক্ষান্ত হয় যদিও তেতিয়ালৈ মৃতকৰ সংখ্যাই শতকৰ ঘৰ পাৰ কৰে৷ পৰিস্থিতি স্বাভাৱিক হোৱাত উদ্ধাৰ অভিযান আৰম্ভ হয় আৰু প্ৰায় ডেৰ শতাধিক লোকক লেবেজান হৈ থকা অৱস্থাত উদ্ধাৰ কৰি স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়৷ আহতসকলৰ অধিকাংশকে ছিকান্দ্রাৰাউ চহৰৰ ট্রমা চেণ্টাৰ আৰু ইটাৱাৰ হাস্পতালত ভৰ্তি কৰা হৈছে।   

স্থানীয় আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিংহই কয়, ‘‘হাথৰছৰ মুঘলাগড়ি গাঁৱত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ অনুষ্ঠান চলি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ ঘটনাৰ মূল কাৰণ কি সেয়া অনুসন্ধানৰ অন্তত জানিব পৰা যাব।’’

স্থানীয় লোকসকলে জনোৱা মতে, হঠাতে বিশাল পেণ্ডেলৰ পৰা দৌৰা-দৌৰি আৰম্ভ হৈছিল৷ কিছু সময় পাছতে পৰিস্থিতি বেয়ালৈ ঢাল খায়৷ এই ঘটনাৰ পিছতে স্থানীয় লোকে প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ আহতসকলক চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপিত হৈছে। প্ৰকাশিত বাতৰি অনুযায়ী ঘটনাৰ ডেৰ ঘণ্টাৰ পাছতহে আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয়৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ঘটনাৰ বুজ লোৱাৰ লগতে সমস্ত ঘটনাৰ তদন্ত কৰিবলৈ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি দিছে৷ ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত হৈ উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান তথা ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী লক্ষ্মীনাৰায়ণ চৌধুৰী আৰু সন্দীপ সিংহই পৰিস্থিতিৰ বুজ লয়।

এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এক্সযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে, ''হাথৰছত মহিলা তথা শিশুসহ বহু লোকৰ মৃত্যুৰ খবৰ দুখজনক। যিসকলে নিজৰ আত্মীয়জনক হেৰুৱাইছে তেওঁলোকক সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো।’’   

ইফালে, লোকসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰে৷ 'এক্স’ হেণ্ডেলত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে লিখিছে, ''হাথৰছৰ ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গক ২ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ক্ষতিপূৰণ প্ৰদান কৰা হ’ব। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ’ব।’’

ঘটনাটোক লৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও ঘটনাত দুখ প্ৰকাশ কৰিছে৷ গান্ধীয়ে কয় ‘‘এয়া অত্যন্ত দুখজনক৷ মই নিহতসকলৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো৷ চৰকাৰে সকলো আহতক উপয়ুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰক৷ মৃতকৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হওক৷ ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো কৰ্মকৰ্তাক অনুৰোধ কৰিছো যাতে সকলোৱে উদ্ধাৰ অভিযানত সহায় কৰে৷’’

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এক্সযোগে জনাইছে যে আহতসকলক যুদ্ধকালীন গতিৰে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তিৰ ব্যৱস্থা কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে ঘটনাটোক লৈ আৰু কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লিখিছে, ''প্ৰভু শ্ৰীৰামক প্ৰাৰ্থনা জনাইছো যাতে নিহতসকলৰ আত্মাক নিজৰ চৰণত স্থান দিয়ে আৰু আহতসকলক শীঘ্ৰে সুস্থ কৰি তোলে।’’