newsnextone.com | নগাঁওঃ প্ৰৱল ইচ্ছা শক্তি, আত্মবিশ্বাস আৰু উচ্চাকাংক্ষা থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ তাকেই পুনৰবাৰ প্ৰতিপন্ন কৰিলে নগাঁৱৰ হাতীচোঙৰ এগৰাকী মেধাবী ছাত্ৰ লোচন কৃষ্ণ বৰাই৷ শুকুৰবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত লোচনে অসমীয়া বিষয়ত লেটাৰ মাৰ্কসহ ৬৭ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়৷
হাতীচোঙৰ বেজৰচুক নিবাসী ধন্তি বৰা আৰু পূৰ্ণিমা বৰাৰ কনিষ্ঠ সন্তান লোচনে বহু কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি এনে সফলতা লাভ কৰিছে৷ কেউফালে কেৱল দৰিদ্ৰতাই আগুৰি থকা ঘৰখনত ভালদৰে খাবলৈ বা পিন্ধি নোপোৱাৰ বিপৰীতে প্ৰয়োজনীয় কিতাপ-পত্ৰও কিনিবলৈ নাছিল ধন৷ আনৰ পৰা কিতাপ বা নোট আদি খুজি আনিহে পৰীক্ষাত বহিছিল লোচনে৷