কামপুৰ/হোজাই: এক বৰ্বৰ, পাশৱিক হত্যাকাণ্ড সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে হোজাই জিলাৰ যমুনামুখত৷ এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাতে আদ বাটতে কোনো অজ্ঞাত দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰি মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছে৷
এই ঘটনাই হোজাই জিলাৰ যমুনামুখ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাওঁ ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰা(৫৫)ৰ মৃতদেহ বুধবাৰে বিয়লি কপিলী নদীত উদ্ধাৰ হয়৷