নগাঁওঃ মৰমৰ বাইদেউক বিদায় জনালে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷ বিদায়ৰ পৰত চকুলো টুকিলে ছাত্ৰী-ছাত্ৰীয়ে৷ নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত চকলাঘাটস্থিত হাতীচোং কস্তুৰুৱা বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুণু গায়ন বৰাক শুকুৰবাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা স্থানীয় ৰাইজে বিদায় জনায়৷ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়৷
বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক হেমকান্ত নাথৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত জামুগুৰি মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰিয় ভট্টাচাৰ্য, মাজগাঁও ভোমোৰাগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীনেমাই মুদৈ, নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভানেত্ৰী পূণ্যপ্ৰভা বণিয়া, হাতীচোং মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰমণী বৰা, সমাজকৰ্মী থানেশ্বৰ বৰা, ক্ষিতেশ্বৰ বৰা, অতুল চন্দ্ৰ বৰকটকী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কল্যাণ কুমাৰ বৰাকে প্ৰমুখ্য কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷