46
গুৱাহাটীঃ স্বাস্থ্য বিভাগত অতি শীঘ্ৰে চলিব চাফাই অভিযান। অৰ্থাৎ কংগ্ৰেছৰ দিনত জাল নিযুক্তি পত্ৰৰে চাকৰি লোৱা স্বাস্থ্য বিভাগৰ ৪০২ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চাকৰিৰপৰা বৰ্খাস্ত কৰে ৰাজ্য স্বাস্থ্য বিভাগে৷
ইতিমধ্যে স্বাস্থ্য সেৱা সঞ্চালকায়ৰ তৰফৰপৰা প্ৰতিখন জিলাৰ স্বাস্থ্য বিভাগৰ কাৰ্যালয়লৈ ভুৱা কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিবলৈ নিৰ্দেশ জাৰি কৰিছে।