ডিজিটেল ডেস্কঃ বিপদত পৰিছে দেশৰ ৰাজধানী। পুনৰ ভয়ংকৰ ধুলিৰ আৱৰণত ঢাক খাই পৰিছে ৰাজধানী দিল্লী। প্ৰদূষণৰ মাত্রা ভয়ানক ভাবে বাঢ়ি অহাৰ ফলত জাৰি কৰা হ’ল স্বাস্থ্য সংক্রান্তত জৰুৰী অৱস্থা। কিছুদিনৰ কাৰণে বন্ধ কৰি দিয়া হ’ল সকলো বিদ্যালয়। নৱেম্বৰত দিল্লী গেছ চেম্বাৰত পৰিণত হয় বুলি অভিযোগ কৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে।
দিল্লী চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দি টুইট কৰি কয়, উচ্চমাত্রাত বৃদ্ধি পোৱা প্ৰদূষণৰ কাৰণে সকলো বিদ্যালয় বন্ধ ৰাখিবলৈ শিক্ষামন্ত্রী মনিষে উল্লেখ কৰে৷