newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছে ৭০ বছৰ দেশ শাসন কৰি একো কৰিব নোৱাৰিলে বুলি কৈ মোক মাথো ৬০ মাহ দিয়ক বুলি উদাত্ত কণ্ঠে কৈ দেশৰ বিভিন্ন খণ্ডক উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ দেশৰ জনগণে প্ৰতিশ্ৰুতি অনুসাৰে মোডীক ভোট দান কৰিছিল৷ 

কিন্তু প্ৰশ্ন উত্থাপন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিছেনে৷ সমগ্ৰ দেশতে এই প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে বিশ্বৰ স্বাস্থ্য সেৱাৰ তালিকাত ভাৰতে ১৪৫নং স্থানলৈ অৱনমিত হয়৷ 

১৯৫ দেশৰ ভিতৰত লজ্জাজনক ভাবে তালিকাত ১৪৫ নম্বৰত ভাৰত৷ ভাৰতৰ দৰে দেশত এয়া উদ্বেগজনক বিষয় হৈ পৰিছে৷ জনবহুল দেশ এখনৰ স্বাস্থ্য সেৱা নিম্নগামী হলে কল্যাণ লাভ কৰাৰ বিপৰীতে ৰাইজে উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয়৷ তালিকাত চুবুৰীয়া দেশ বাংলাদেশ আৰু ভূটানৰ পিছত ভাৰতৰ স্থান দেখা গৈছে৷ 

গ্লবেল বাৰ্ডেন অৱ ডিজিজ নামৰ সংস্থাটোৱে উন্নত চিকিৎসা সেৱাৰ দেশৰ তালিকা প্ৰকাশ কৰে য’ত ১৯৫ খন দেশৰ ভিতৰত ১৪৫ নং স্থানত আছে ভাৰত৷ হেল্থ কেয়াৰ আৰু কোৱালিটি নিৰিখত ভাৰতৰ ৰেংক বহু তলত৷ ভাৰতৰ নিৰিখ হৈছে ৪১.২৷ ১৯৯০ চনত এই ৰেংক আছিল ২৪.৭৷ শূন্যৰ পৰা ১০০ মাজত এই সমীক্ষাত ৰেংকিং কৰা হয়৷

স্বাস্থ্য সেৱাৰ ৰাজ্য ভিত্তিত একেবাৰে পিছৰ ৰাজ্য হৈছে অসম আৰু উত্তৰ প্ৰদেশ৷ এই দুখন ৰাজ্যৰ ৰেংক হৈছে ৩৫.৯ৰ তলত৷ কেৰালা তালিকাৰ প্ৰথমত আছে৷ ৩৫.৯-৪৪.৮ স্কোৰৰ ভিতৰত আছে মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিছগড়, ওড়িশা, ঝাড়খণ্ড, বিহাৰ, অৰুণাচল প্রদেশ, মেঘালয় আৰু মণিপুৰ।