newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছে ৭০ বছৰ দেশ শাসন কৰি একো কৰিব নোৱাৰিলে বুলি কৈ মোক মাথো ৬০ মাহ দিয়ক বুলি উদাত্ত কণ্ঠে কৈ দেশৰ বিভিন্ন খণ্ডক উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ দেশৰ জনগণে প্ৰতিশ্ৰুতি অনুসাৰে মোডীক ভোট দান কৰিছিল৷
কিন্তু প্ৰশ্ন উত্থাপন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিছেনে৷ সমগ্ৰ দেশতে এই প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে বিশ্বৰ স্বাস্থ্য সেৱাৰ তালিকাত ভাৰতে ১৪৫নং স্থানলৈ অৱনমিত হয়৷