জাজৰিঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ পাঘালী গাঁও পঞ্চায়তৰ ৭গৰাকী জটিল ৰোগত আক্ৰান্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীলৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ‘সুহৃদ’ আঁচনিৰ জৰিয়তে সাহায্য প্ৰদান কৰে।
কেৱল আৰ্থিক দৈন্যতাৰ বাবে ৰোগৰ চিকিৎসা কৰিব নোৱাৰা দিনজয় ডেকা, বিৰেন বৰদলৈ, ৰানু হীৰা, ধৰণী হীৰা, গুনেশ্বৰ হীৰা, ৰৌচনাৰা বেগম আৰু অৰ্চনা বৰদলৈক সুহৃদ আঁচনিৰ জৰিয়তে ১০ আৰু ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰি কিছু পৰিমানে হলেও সকাহ দিয়ে বিধায়িকাগৰাকীয়ে৷