মঙলদৈঃ বিদেশত থাকিও লোকজনে পাহৰিব পৰা নাই নিজৰ ওপজা গাঁওখনক। নিজ গাঁওখনৰ অভাৱগ্ৰস্ত লোকসকলৰ কৰুণ জীৱন প্ৰত্যক্ষ কৰিলে হাজাৰ কৰ্ম ব্যস্ততাৰ মাজতো হাহাকাৰ কৰি উঠে তেওঁৰ মন।

উপযুক্ত শিক্ষাৰে নিজকে প্ৰতিষ্ঠা কৰি আমেৰিকাত কৰ্মৰত এই ব্যক্তিগৰাকীয়ে ওপজা গাঁওখনৰ দৰিদ্ৰজনক সজাই দিছে বাসগৃহ। দুখীয়াৰ দুখ বুজি পোৱা এইগৰাকী প্ৰবাসী অসমীয়া হৈছে ডঃ হিৰণ্য কুমাৰ নাথ। দৰঙৰ বৰনগাঁৱত জন্ম গ্ৰহণ কৰা ড: নাথ সম্প্ৰতি আমেৰিকাৰ Sam Houston State Universityৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।

কৰ্মৰ খাটিৰত সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও তেওঁৰ মহানুভৱতাই বৰ্তমানৰ স্বাৰ্থপৰ সমাজখনৰ বাবে এক আদৰ্শমূলক দৃষ্টান্ত হৈ পৰিছে। ব্যস্ততাকো নেওচা দি তেনেই কম সময়ৰ ছুটী লৈ জন্মভূমিত উপস্থিত হোৱা এইগৰাকী প্ৰবাসী অসমীয়াই উপাৰ্জনৰ ধনেৰে ব্যয়বহুল বিলাসী জীৱন কটোৱাৰ পৰিৱৰ্তে  আপোন গাঁওখনৰ কেইবাটাও পৰিয়ালক সাজি দিছে একোটাকৈ বাসগৃহ৷

প্ৰবাসী অসমীয়া ডঃ নাথৰ এনে মহানুভৱতাক একমুখে প্ৰশংসা কৰিছে সমগ্ৰ দৰংবাসীয়ে।