খেৰণিঃ সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা অব্য্যাহত আছে লকডাউন। এই সময়ছোৱাত ভিন্ন প্ৰান্তত একাংশ লোকে বিশেষকৈ দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালৰ লোকসকলে খাদ্য সংকটৰ সন্মুখীন হোৱা দেখা গৈছে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিতো শ শ পৰিয়ালে লকডাউনৰ পৰিপ্ৰেক্ষিতত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়াত পৰিছে।
খাদ্য সংকটৰ সন্মুখীন হোৱা জিলাখনৰ বৃহত্তৰ খেৰণি অঞ্চলৰ কেবাটাও পৰিয়ালক সাধ্য অনুযায়ী ইতিমধ্যে সাহায্য প্ৰদান কৰিছে এম এছ ডেৰা ইন্ডেন গ্ৰামীণ বিতৰক নামৰ গেছ এজেঞ্চিটোৱে। একেদৰে হামৰেন আৰক্ষী অধীক্ষক ডঃ ৰমণদ্বীপ কৌৰৰ নেতৃত্বত পাহাৰীয়া জিলাখনৰ দূৰ্গম মকৈলোম অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰাক্তন জনপ্ৰতিনিধি দেৱী প্ৰসাদ উপাধ্যায়ে বৃহত্তৰ হাৱাইপুৰ অঞ্চলত দৰিদ্ৰ পৰিয়ালৰ মাজত বিগত ৪-৫ দিন ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে।