ৰঙিয়াঃ দিল্লী উচ্চ ন্যায়ালয়ে পিতৃমাতৃৰ সা-সম্পত্তিৰ ওপৰত সন্তানৰ কোনো ধৰণৰ আইনগত অধিকাৰ নাথাকিব বুলি ৰায়দান কৰাৰ পিছতো একাংশ সম্পত্তিলোভী সন্তানে একমাত্ৰ সম্পত্তিৰ লোভতে নিজ পিতৃ-মাতৃক নিৰ্যাতনেৰে গৃহহীন কৰি সম্পত্তি হস্তগত কৰাৰ যি অমানৱীয় কাৰ্যকলাপ চলি আছে সেয়াই সমাজৰ এক অৱক্ষয়ৰ ৰূপ দাঙি ধৰিছে।
একমাত্ৰ গৃহ সম্পত্তিৰ লোভতে চাৰি পুত্ৰই নিজৰ জন্মদাত্ৰী মাতৃক চৰ, ভুকু, ককৰ্থনাৰে এলাগী কৰিব পাৰেনে? তেনে এক ঘটনাই সংঘটিত হৈছে কামৰূপৰ ৰঙিয়াত আৰু চাৰি পুত্ৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি আৰক্ষীৰ কাষ চাপিছে অসহায় বিধৱা মাতৃগৰাকীয়ে। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপা দূৰ্ভগীয়া মাতৃগৰাকীয়ে সম্প্ৰতি কন্যাৰ গৃহত আশ্ৰয় লৈ আছে।