কোকৰাঝাৰঃ নিচাযুক্ত দ্ৰব্য সেৱন কৰাই এগৰাকী জোৱানৰ পৰা চোৰে সৰ্বস্ব লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৰুণাচল প্ৰদেশৰ দিৰাঙত কৰ্মৰত উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ শিমখোলেৰ বুংবুং গাঁও নিৱাসী এছ এছ বিৰ জোৱান হৰসিং বিশৱাট(২৯)য়ে ছুটী লৈ ৰে’লেৰে ঘৰলৈ ওভতাৰ পথতে দুষ্টচক্ৰৰ কবলত পৰে।
সন্দেহ কৰা মতে এচএচবিৰ জোৱান গৰাকীক সহযাত্ৰীয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰাই যাবতীয় সা সামগ্ৰী লুট কৰি নিয়ে। নামনিমুৱা ৰে’লেৰে ঘৰ অভিমুখে যাত্ৰা কৰা জোৱানগৰাকী নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলতেই হওক বা অইন কোনো কাৰণতেই হওক কোকৰাঝাৰ ৰে’ল ষ্টেচনত নামি পৰে আৰু তাৰ পৰা অটোৰে ৰে’লৱে ষ্টেচনৰ পৰা ১০ কিলোমিটাৰ নিলগৰ বালাজান তিনালী বজাৰত উপস্থিত হয়।