57
ধিংঃ শুকুৰবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হৈ বায়ু সেনা আৰু সেনাৰ ৭গৰাকী লোকৰ মৃত্যু হৈছিল। শ্বহীদ ৭গৰাকীৰ ভিতৰত অসম সন্তান মৰিগাঁও জিলাৰ হেমানন্দ ডেকাও শ্বহীদ হৈছিল। শনিবাৰে ১২ বজাত হেমানন্দৰ মৃতদেহ মৰিগাঁৱৰ নিজ ঘৰ আহি পাব বুলি জানিবলৈ দিয়ে পৰিয়াল তথা স্থানীয় লোকে। হেমানন্দৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছৰে পৰা তেওৰ ঘৰ মানুহৰে ভৰি পৰে। এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ঘৰ খনত।
