ধিংঃ শুকুৰবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হৈ বায়ু সেনা আৰু সেনাৰ ৭গৰাকী লোকৰ মৃত্যু হৈছিল। শ্বহীদ ৭গৰাকীৰ ভিতৰত অসম সন্তান মৰিগাঁও জিলাৰ হেমানন্দ ডেকাও শ্বহীদ হৈছিল। শনিবাৰে ১২ বজাত হেমানন্দৰ মৃতদেহ মৰিগাঁৱৰ নিজ ঘৰ আহি পাব বুলি জানিবলৈ দিয়ে পৰিয়াল তথা স্থানীয় লোকে। হেমানন্দৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছৰে পৰা তেওৰ ঘৰ মানুহৰে ভৰি পৰে। এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ঘৰ খনত।

অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হৈ ৫গৰাকী বায়ুসেনাৰ আৰু দুগৰাকী ভাৰতীয় সেনাৰ লোকৰ মৃত্যু হৈছিল। চীন সীমান্তৰ টাৱাঁঁঙৰ পৰা উৰা মৰাৰ পিছতে ক্ৰেছ হয় হেলিকপ্টাৰ খন৷ অৰুণাচলত হেলিকপ্ৰটাৰ ৰ দুৰ্ঘটনাত মৃত্যু হোৱা হেমানন্দ ডেকাৰ ঘৰ মৰিগাওঁ জিলাৰ জাজৰিৰ পাঘালিৰ পানবাৰী গাৱঁত। নন্দীৰাম ডেকাৰ পুত্ৰ হেমানন্দই ২০০২ চনত ১৯ বছৰ বয়সতে ভাৰতীয় সেনা বাহিনীত যোগদান কৰি দেশৰ হৈ সেৱা আগবঞাই গৈছিল। পত্নীৰ নাম সুষ্মিতা কোঁৱৰ ডেকা। সাত বছৰ পুৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল হেমানন্দ। তেও এটি ৬ বছৰ বয়সৰ কন্যা সন্তানৰ পিতৃ আছিল।

তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰি। শুকুৰবাৰে পুৱা প্ৰায় ৬বজাত এম আই-১৭ ভি-৫ হেলিকপ্টাৰ অৰুণাচলৰ পৰা উৰণ আৰম্ভ কৰাৰ পিছতে দু দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে। ফলত ৭জন লোক নিহত হয়। এই দুৰ্ঘটনা অৰুনাচলৰ টাৱাঙত সংঘটিত হৈছে। হেলিকপ্টাৰ খন দৈনিক অনুশীলনৰ অৱস্থাৰ পৰা সন্ধান হোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ পিছত কপাৰ বক্স অৰুনাচলৰ কিমি অঞ্চলত উদ্ধাৰ হয়। টাৱাঙৰ পৰা ১৩০ কিঃ মিঃ নিলগৰ জংগ চাকোলৰ ওৱাচিনত বুলি সন্ধান লাভ কৰিছে বায়ু সেনাবাহিনীয়ে। বায়ুসেনা বাহিনী আৰু সেনা বাহিনীৰ লোকে অভিযান চলাই উদ্ধাৰ কৰে হেলিকপ্টাৰ খন।

টাইমছ অৱ ইণ্ডিয়াৰ খবৰ মতে, ৰাছিয়াই বিগত বৰ্ষত তিনি খন এম আই-১৭ ভি-৫ মিলিটাৰি ট্ৰেন্সপোৰ্ট হেলিকপ্টাৰ ভাৰতক চুক্তি মতে প্ৰদান কৰিছিল৷ Rosoboronexport, Rostec State Corporation নামৰ সংস্থাটোৱে নিৰ্মাণ কৰিছিল হেলিকপ্টাৰ৷ হেলিকপ্টাৰ সমূহত অন্যতম প্ৰযুক্তি সংযোগ হৈ আছে৷ তথপিও বাৰে বাৰে ভাৰতত দুৰ্ঘটনাত পতিত হৈ আহিছে এই হেলিকপ্টাৰ৷ ২০১৩ চনত উত্তৰ খণ্ডৰ বান পানীৰ সময়তো উদ্ধাৰ অভিযানত ব্যৱহৃত এম আই-১৭ ভি-৫ হেলিকপ্টাক ক্ৰেছ হৈ কেবাজনো লোকে প্ৰাণ হেৰুৱাইছিল৷