গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে NSUIত যোগদান কৰাই কংগ্ৰেছ দলে নিজ শক্তি প্ৰদৰ্শন কৰে।
ৰাজীৱ ভৱনত বিধানসভাত বিৰোধী নেতা দেৱব্ৰত শইকীয়া, এ পি চি চিৰ সভাপতি ৰিপুন বৰা, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ৰকিবুল হুছেইনৰ উপস্থিতিত দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ যুৱ শাখাত যোগদান কৰে ছাত্ৰ-ছাত্ৰীসকলে।
সভাখনত ৰিপুন বৰাই কয় যে বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ বাক স্বাধীনতা বি জে পিয়ে খৰ্ব কৰিছে। ধৰ্মৰ নামত দেশ বিভাজন কৰিব খুজিছে বি জে পিয়ে। এই বি জে পি হৈছে এটা মিছা কথাৰ পাৰ্টি। বৰ্তমান সময়ত বি জে পিক পৰাভুত কৰিব পৰা একমাত্ৰ ৰাজনৈতিক দল হৈছে কংগ্ৰেছ। লাহে লাহে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস ঘূৰি আহিবলৈ ধৰিছে। অহা লোকসভা নিৰ্বাচনৰ আগে আগে এই যোগদানে কংগ্ৰেছৰ প্ৰতি যে ছাত্ৰ-ছাত্ৰীৰ বিশ্বাস ঘূৰি আহিছে তাৰেই ইংগিত প্ৰদান কৰা বুলি কয় বৰাই।
ৰকিবুল হুছেইনেও তেওঁৰ ভাষণত কয় যে বি জে পিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ঘোৰ অন্যায় কৰিছে। বি জে পি দুখীয়া মানুহৰ দল নহয়। হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মন্ত্ৰী বুলিও ক্ষুৰধাৰ সমালোচনা কৰে।