নতুন দিল্লীঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদ হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়ক মঙলবাৰে ৰাজ্যসভাত উত্থাপন কৰিবলৈ চৰকাৰে ক্ষণ গণি থকাৰ সময়তে সংসদ ভৱনৰ বাহিৰত ঘটে এক অঘটন৷

মণিপুৰৰপৰা নিৰ্বাচিত কংগ্ৰেছৰ সাংসদ থখকচ’ম মেইন্যাৰ গাড়ীখনে নিৰাপত্তা বেষ্টনী পাৰ হৈ যায়৷ এই ঘটনা সংঘটিত হোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ মাজত হুৱা-দুৱা লাগে৷ লগে লগে জাৰি কৰা হয় হাই এলাৰ্ট৷

সংসদ ভৱনৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে এই ঘটনা তদন্তৰ আৰম্ভ কৰিছিল৷